১৪ পানী
১। তলত দিয়াবোৰৰ
খালী ঠাই পূৰণ কৰা।
ক) পানী ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক _____ বোলে।
উত্তৰঃ বাস্পীভৱন ।
খ) জলীয় ভাপ পানীলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক _____ বোলে।
উত্তৰঃ ঘণীভৱন ।
গ) এবছৰ বা তাতকৈ বেছি দিন বৰষুণ নহ’লে অঞ্চলটোত _____ হ’ব পাৰে।
উত্তৰঃ খৰাং ।
ঘ) অত্যাধিক বৰষুণে _____ ৰ সৃষ্টি কৰিব পাৰে।
উত্তৰঃ বানপানী
২। তলত দিয়াবোৰ
বাস্পীভৱন নে ঘণীভৱনৰ কাৰণে হৈছে লিখাঃ
ক) ঠাণ্ডা পানী থকা গিলাচৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়।
উত্তৰঃ ঘণীভৱন
খ) তিতা কাপোৰ ইস্ত্ৰি কৰোতে ওলোৱা ভাপ।
উত্তৰঃ বাস্পীভৱন ।
গ) শীতকালিৰ ৰাতিপুৱা ওলোৱা কুঁৱলী ।
উত্তৰঃ ঘণীভৱন
ঘ) মচাৰ পিচত ব্লেক ব’ৰ্ড শুকাই যায়।
উত্তৰঃ বাস্পীভৱন ।
ঙ) পানী ছটিয়ালে উতপ্ত তাৱাৰ পৰা ওলোৱা ভাপ।
উত্তৰঃ বাস্পীভৱন ।
৩। তলৰ কোনবোৰ উক্তি
শুদ্ধ।
ক) মৌচুমী ঋতুৰ সময়তহে বায়ুত জলীয় ভাপ থাকে।
উত্তৰঃ অশুদ্ধ ।
খ) পানী মহাসাগৰ , নদী আৰু হ্ৰদৰ পৰাহে বাস্পীভবন হয়, কিন্তু
মাটিৰ পৰা নহয়।
উত্তৰঃ অশুদ্ধ ।
গ) পানী জলীয় ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক বাস্পীভৱন বোলে।
উত্তৰঃ শুদ্ধ ।
ঘ) কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাস্পীভৱন হয়।
উত্তৰঃ অশুদ্ধ ।
ঙ) বায়ুৰ ওপৰৰ স্তৰত , য’ত ই অধিক চেঁচা তাত জলীয় ভাপ ঘনীভূত
হৈ অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি কৰে।
উত্তৰঃ শুদ্ধ ।
0 Comments
Thanks